Official video
Aaho Nahu Lyrics
আহো নাহো সুৰৰ দৰে
তোমাৰ শেষ সুৱাস
ফুলে পাতে লাগি আছে
নিবিৰ মোৰ উশাহ
বতাহতে বাজে ৰুণ জুণ
এটি দুটি কথা ঠুণ ঠুণ
এতিয়াও ইয়াত
আহো নাহো সুৰৰ দৰে
তোমাৰ শেষ সুৱাস
ঠুণুক ঠানাক মাতৰ সপোন
আজিও হাত বাউলে চোন
দুখৰ দিনৰ তৰা হৈ আপোন
অ...আ...
এপল দুপল পাৰ
হৈ যায় চোন
ঘুৰি নাহে মৰমৰ জোন
এবালিও শুকায় মোৰ সোন
আহো নাহো সুৰৰ দৰে
তোমাৰ শেষ সুৱাস
নিচুকাবলে আছে কোন
উমলাবলে আছে কোন
আছে নো কোন মোৰ
কোৱাচন
নিজৰ বুলিবলে নো কোন
আপোন বুলিবলে নো কোন
জীয়াই থাকিবলে নো কোন
বতাহতে বাজে ৰুণ জুণ
এটি দুটি কথা ঠুণ ঠুণ
এতিয়াও ইয়াত
আহো নাহো সুৰৰ দৰে
তোমাৰ শেষ সুৱাস
ফুলে পাতে লাগি আছে
নিবিৰ মোৰ উশাহ ।।
Song Credits:
Film - Gaane Ki Aane
Actor - Zubeen Garg, Nipon Goswami
Actress - Parineeta Borthakur, Rimpi Das
Composed & Lyrics - Zubeen Garg
Director - Rajesh Jaspal
Produced by - RAGA FILMS
Label - Times Music
Post a Comment