Official video
Long Leng Lyrics
লংলেংৰ কাষৰে
তই মোকক চাঙৰে
পাহাৰী আলসুৱা তোৰ মন,
তোৰ টনাকৈ চকুৱে
মোলৈ চাই হাঁহিলি
কাঢ়িলি মোৰে কলিজাখন,
তোক দেখি কিনা মৰম লাগিছে ঐ,
তোক দেখি কিনা ভাল পাই পেলাইছে ঐ,
তুই নাগা পাহাৰ লাগা আছ'
মুই ডেকা ভৈয়াম লাগা আছো,
তোক নিদিয়ে জাননে মোলে
মৰম নুবুজে,
অ মন দিলিয়েই যদিহে আমি
বৈ যাং পলায়েই ...
অ, চৰাইদেউ চিনাকি ঠায়ে অ অসমৰ
অ, চৰাইদেউ চিনাকি ঠায়ে অ অসমৰ
চৰাইদেউ চিনাকি ঐ নাম,
এ চাওলুং চুকাফাৰ আমি বংশৰেধৰ
ৰাখিম তোৰে মৰমৰে মান,
তোক ভাবি কিনা ঘৰ বানাইছে ঐ
তোক মৰম পৰা তাতে ৰাখিব ঐ
তুই নাগা পাহাৰ লাগা আছ'
মুই ডেকা ভৈয়াম লাগা আছো,
তই জানয়েই কিদৰে ৰাখো তোকে বুকুতে
অ মন দিলিয়েই যদিহে আমি
বৈ যাং পলায়েই ...
আমিখান নাগা পাহাৰতে থাকা
আমাৰ ভী আছে মান,
কথা হলেত' মৰম পৰা
আমিও হালে জান ৷
আমিখান লাগা পিন্ধে চেপেটী
আৰ' আজক ত'লা,
তুইখান লাগা ভৈয়ামতে থাকা
মিলিম কিনেকা ৷
অ তই নগাৰ সাজ পিন্ধিবি
মূগাৰ সাজো পিন্ধিবি
মিলিবি তই আমাৰ সতে ঐ,
তয়ে মনে মইনা
কেচাকৈ কলিজা
পাহাৰ ভৈয়াম মিলি একে হৈ...
জাত লাগা কিলেই চিন্তা কৰে ঐ ,
আমিখান একেই মানুচ্ আছে ঐ
তুই নাগা পাহাৰ লাগা আছ'
মুই ডেকা ভৈয়াম লাগা আছো,
কৈ চাবিচোন ঘৰতেনো গৈ
মোৰে কথাকে,
মন নুবুজে যদিহে আমি
বৈ যাং পলায়েই ৷।
Song Credits:
Song: Long Leng
Album: Mon Moina
Singer: Kussum Kailash & Nilakshi Neog
Additional Vocal Design: Mrinmoy Mrittik & Jogat Maahish
Lyrics/Tune: Kussum Kailash, Mrinmoy Mrittik, Jogat Maahish & Deep Dipantar
Music: Ujjwal Aarong
Flute - Ujjal Konwar
Guitar - Bikash Gogoi
Mix/Mastered: Ibson Lal Boruah
Record @Fusion Studio By Rajiv Sharma
Post a Comment